গুৱাহাটী – দুদিনমান পূর্বে দুটাকৈ মৃদু ভূমিকম্পই মহানগৰীক কঁপাই যােৱাৰ পিছত মঙলাবাৰে পুনৰ ৭.৪ ৰিখটাৰ স্কেল প্রাবল্যৰ ভূমিকম্পই কপাই গ’ল মহানগৰী গুৱাহাটীক। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্রই প্রকাশ কৰা অনুসৰি দিনৰ ১১ বজাত হােৱা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলাৰ চানডুবি।
ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিত অসম সচিবালয়ৰ একাধিক ব্লক’ৰ ক্ষতি হয় আনকি অগ্নিকাণ্ডৰাে সূত্রপাত হয় ফলত কিছু লােক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। সূত্ৰটোৱে আৰু প্ৰকাশ কৰা অনুসৰি আঘাতপ্রাপ্ত লােক সকলক স্থানীয় ৰাইজ, আৰক্ষী, অগ্নিনির্বাপক বাহিনী, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগ আৰু স্বাস্থ্যবিভাগৰ লােকে উদ্ধাৰ কৰি ততাতৈয়াকৈ খানাপাৰাৰ হেলথ চিটী হাস্পতাললৈ লৈ আহে।
ইপিনে হেলথ চিটী হাস্পতালৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি ভূমিকম্পৰ প্রবল জোকাৰণিত হাস্পতালৰ কোনােধৰণৰ ক্ষতি হােৱা নাই যদিও ৰােগী আৰু অভিভাৱকৰ মাজত হুব্রা-দুৱা লাগে আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে দিছপুৰৰ পৰা কঢ়িয়াই অনা প্রায় ১৫ জন গুৰুতৰভাৱে আঘাতপ্রাপ্ত লােকক অতি তৎপৰতাৰে দুর্ঘটনা আৰু জৰুৰীকালীন চিকিৎসা বিভাগত চিকিৎসা প্রদান কৰা হয়। প্রকৃততে এয়া আছিল অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগ সংক্ষেপে এ এছ ডি এম এৰ প্রতিষ্ঠা দিৱস উপলক্ষে ‘মক ড্রিল’ৰ এক চিত্রনাট্য। ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতা সম্পর্কে সর্বসাধাৰণক সজাগ কৰাৰ লগতে উদ্ধাৰকাৰী দলে কি ধৰণৰ তৎপৰতাৰে আঘাতপ্রাপ্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আৰু চিকিৎসালয়ৰ ভূমিকা কেনেধৰণৰ হ’ব লাগে সেই সম্পর্কে সজাগ কৰাটোৱে মক ড্রিলৰ উদ্দেশ্য।
চিত্রনাট্য অনুসৰি দিনৰ ১১ বজাত হােৱা ভূমিকম্পৰ পিছতে তৎপৰতাৰে ‘আঘাত প্রাপ্তসকলক’ ১১.৫০ বজাত হেলথ চিটী হাস্পতাললৈ এম্বুলেঞ্চ আৰু আন ব্যবস্থাৰে কঢ়িয়াই অনা হয়। মক ড্রিল অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাজীৱ শৰ্মা, ব্রিগেডিয়াৰ পি দেশমুখ, হেলথ চিটী হাস্পতালৰ ডাইৰেক্টৰ মেডিকেল ছাৰ্ভিচ ডাঃ অতনু বৰঠাকুৰ আৰু অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ।