জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ চৰ-চাপৰি সংখ্যালঘু বসতি প্ৰধান এলেকাত ৰাজ্যৰ ভিতৰতে প্ৰথমখন আদৰ্শ গাওঁ স্থাপনৰ প্ৰস্তুতি লৈছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷
সমষ্টিটোৰ জামুগুৰিহাটৰ অন্যতম সংখ্যালঘু বসতি প্ৰধান অঞ্চল গটাইমাৰীক আদৰ্শ গাওঁ হিচাপে গঢ়ি তুলিছে বিধায়ক গৰাকীয়ে ৷
এইখন গাঁৱকে ২ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰিব ৷ ইতিমধ্যে চৰ-চাপৰিৰ ৬৮ টা সংখ্যালঘু পৰিয়ালক দুবিঘাকৈ চৰকাৰী মাটি আবণ্টন দিয়াৰ লগতে সেই ভূমিৰ পট্টাও প্ৰদান কৰিছে ৷
লগতে পঢ়কঃউপ-নিৰ্বাচনকলৈ তৎপৰ অসম প্ৰদেশ কংগ্ৰেছ
ইয়াৰোপৰি গাওঁ খনত বিজুলিবাতি, খোৱাপানী, অংগনবাড়ী কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ আঁচনি লোৱাৰ লগতে প্ৰতিটো পৰিয়ালক একোটাকৈ চৰকাৰী আৱাস গৃহৰ আৱণ্টনৰো সিদ্ধান্ত লৈছে ৷
ইতিমধ্যে গাওঁখনৰ ৰাষ্টা-পদুলি নতুনকৈ নিৰ্মাণ কৰি উলিওৱাৰ লগতে গৰু, ছাগলী , হাঁহ, কুকুৰা পোহ- পালনৰো ব্যৱস্থা কৰিছে গটাইমাৰী গাওঁৰ বাসিন্দা সকলে ৷
মনকৰিবলগীয়া যে ২ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ চৌকীঘাটত পাচঁ শতাধিক নিবনুৱাই প্ৰায় দুই সহস্ৰাধিক কৃষি ভূমিত কৰা খেতি-শস্য পৰিদৰ্শন কৰাৰ লগতে কৃষি সমস্যাৰ বুজ ল’ব বুলিও জানিব পৰা গৈছে ৷