গুৱাহাটীঃ আজি গুৱাহাটী মাৰোৱাৰী হস্পিতালৰ অত্যাধুনিক জৰুৰীকালীন বিভাগ উদ্বোধন কৰা হয়।
এই অত্যাধুনিক জৰুৰীকালীন বিভাগটোত চিকিৎসাৰ সকলো আধুনিক সুবিধা সংযোজন কৰা হৈছে।
ট্ৰামা কেয়াৰ, অৰ্থোপেডিক্স, ইএনটি, নিউৰোচাৰ্জাৰী, গাইন’ক’লজী, জেনেৰেল মেডিচিন, জেনেৰেল চাৰ্জাৰী, পেডিয়াট্ৰিক, ইউৰ’ল’জী, ক্ৰিটিকেল কেয়াৰ, আইচিইউ কেয়াৰ আদি সকলো অন্তৰ্ভুক্ত আছে।বিভাগটোত এখন আইচ’লেচন বেড সহ মুঠ ৬খন বেড আছে।
লগতে পঢ়কঃসদ্যহতে বৃদ্ধি নহয় বাছৰ ভাড়া: মুখ্যমন্ত্ৰী
বিভাগটোৰ নিৰ্মাণকাৰ্যত মানিকচান্দ এণ্ড ছনছ জুৱেলাৰে সম্পূৰ্ণ বিত্তীয় সাহাৰ্য আগবঢ়াইছে।
এই অনুষ্ঠানটোত উপস্থিত থাকে ৰমেশ গোয়েঙ্কা, ড০ ঘনশ্যাম দাস ধনুকা , কৈলাশ লোহিয়া আৰু ৰামৱতাৰ ভাৰতিয়াৰ লগতে ‘মানিকচান্দ এণ্ড ছনছ জুৱেলাৰ’ৰ স্বত্তাধিকাৰী পৰিয়াল।
এই বিভাগটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ‘মানিকচান্দ এণ্ড ছনছ জুৱেলাৰ’ পৰিয়ালৰ জ্যেষ্ঠপুত্ৰ বিনোদ ছনী আৰু তেখেতৰ ভ্ৰাতৃয়ে।
চিকিৎসালয়খনে শেহতীয়াকৈ নতুনকৈ নিৰ্মিত ডায়েলাইচিছ কেন্দ্ৰ উদ্বোধন কৰিছিল ।
অতি সোনকালেই চিকিৎসালয়খনে একাডেমিক আৰু গৱেষণা শাখা উদ্বোধন কৰিব যিটো শেহতীয়াকৈ মাৰোৱাৰী চিকিৎসালয়ৰ চৌহদত নিৰ্মাণ কৰা হৈছে।
লগতে চিজিএইচএছ, অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত আৰু ইএছআইচিৰ দৰে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলেও জৰুৰীকালীন সুবিধা এই হস্পিতালত লাভ কৰিব ।