গুৱাহাটী : মৃত্যুৰ ওচৰত হাৰ মানিলে মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰী গৰাকী। নিশা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰী গৰাকী। শুকুৰবাৰে ছাত্ৰী গৰাকীয়ে বিদ্যালয়ৰ চাদৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলাইছিল।
শুকুৰবাৰে মহানগৰীৰ ওদালবাক্ৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত সংঘটিত হৈছিল এক অঘটন। বিদ্যালয়খনৰ পঞ্চম মহলাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলাইছিল অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত হায়াত হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল।
লগতে পঢ়ক : অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
১৪ বছৰীয়া ছাত্ৰী গৰাকীৰ ডাক্তৰ পংকজ কুমাৰ ভাগৱতীৰ নেতৃত্বত চিকিৎসা চলি আছিল। অংশেষত দেওবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ছত্ৰী গৰাকীয়ে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।