ৰাহুল গান্ধীয়ে ৰায়পুৰত ৫২ বছৰে নিজা ঘৰ-মাটি নাই বুলি আৱেগিক ভাষণ দিয়াৰ পাছতে পিছদিনাই কৰ্ণাটকৰ এক জনসভাত নৰেন্দ্ৰ মোদীয়ে তেওঁক তীব্ৰ কটাক্ষ কৰে।
ৰায়পুৰৰ সভাৰ পিছদিনাই কৰ্ণাটকৰ এক জনসভাত মোদীয়ে সমালোচনাৰে থকা-সৰকা কৰিলে কংগ্ৰেছ নেতৃত্বক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা মল্লিকাজুন খাৰ্গেকো সমালোচনাৰে থকা-সৰকা কৰিলে মোদীয়ে।
আনহাতে মোদীয়ে কয়- ”কৰ্ণাটকৰ সন্তান খাৰ্গেক সভাপতি পাতি কংগ্ৰেছে ভাল কাম কৰিছে। পিছে ৰায়পুৰত প্ৰখৰ ৰ’দৰ পৰা বাচিবলৈ কংগ্ৰেছ কৰ্মীসকলে খুলি দিয়া ছাতিৰ তলত সোমোৱাৰ সুযোগ খাৰ্গেই নাপালে। সেই ছাতি কেৱল ৰাহুল গান্ধীৰ বাবেহে। মনৰ ইচ্ছাৰে খাৰ্গেই কথা ক’ব নোৱাৰে। খাৰ্গে এজন ৰিমৰ্ট কণ্ট্ৰ’লৰ সভাপতিহে হ’ল।”
আৰু ৰাহুল গান্ধীৰ আৱেগিক ভাষণক কটাক্ষ কৰি মোদীয়ে কয় যে, “কাৰ কি সম্পত্তি আছে সেয়া দেশবাসীয়ে ভালদৰে জানে। ভাৰতীয়ই এতিয়া লিখিত ভাষণ শুনি ভাল নাপায়।”
ইপিনে কৰ্ণাটকত উপস্হিত মোদীয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাক ৮০ বছৰীয়া জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
শেষত, মোদীৰ শুভেচ্ছা গ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মোদীয়ে দৰিদ্ৰতাক হাতেৰে চুই চাইছে। চৌকাত চাহ বনাই বিক্ৰী কৰা, মলিয়ন পোছাকযোৰ নিজে ধুই পিন্ধা এইবোৰ অভিজ্ঞতাৰ সাক্ষী মোদী। দুখীয়াৰ পাকঘৰত ৰুটি সেকি খোৱাৰ অভিজ্ঞতা মোদীৰ আছে।
কিন্তু সোণৰ চামুচ মুখত লৈ জন্ম হোৱাজনে কি বুজি পাব ৰুটি কেনেকৈ বনায়, ৰুটিৰ বাবে আটা ক’ৰ পৰা আহে, ঘেঁহুৰ খেতি কৃষকে কিমান কষ্টৰে কৰে সেয়া বুজিবলৈ ৰাহুলৰ এতিয়াও বহু সময় আছে।”