সমাগত বাৰিষা। বাৰিষাত প্ৰতিবছৰে বানপানীৰ কবলত পৰে ৰাজ্যৰ কেইবাখনো জিলা। বানে বুৰাই পেলোৱা অঞ্চল সমূহত আৰ্তনাদ দেখিবলৈ পোৱা যায় বানাক্ৰান্ত ৰাইজৰ। সেয়ে এইবেলি নতুন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ বানপানী হোৱা অঞ্চল সমুহত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত এটাকৈ আদৰ্শ ৰিলিফ কেম্প স্থাপনৰ কাম। বান অহাৰ পূৰ্বে এইবেলি যথেষ্ট সষ্টম হোৱা বিভাগটোৱে বৃহস্পতিবাৰে পলাশবাৰী ৰাজহ চক্ৰৰ অধীনত নহিৰা-গুইমাৰা আঞ্চলিক হাইস্কুলত এখন সভা অনুস্থিত কৰে।

সভাত উপস্থিত থাকে বিভাগৰ মন্দিৰা বৰগোহাই, প্ৰীতি গগৈ, ৰাজীৱ দত্ত, চিন্ময় শইকীয়া, বিশ্বজিৎ কলিতাৰ লগতে অঞ্চলটোৰ চৰকাৰী গাওঁ বুঢ়া, লাটমণ্ডল, বিদ্যালয়ৰ শিক্ষক, স্বেচ্ছা সেৱক, সচেতন লোক আৰু প্ৰশিক্ষণপ্ৰাপ্ত ভলেনটিয়াৰ সকল। এই সভাতেই উক্ত স্কুলখনত স্থাপন হ’বলগীয়া মডেল কেম্পক লৈ অঞ্চলটোৰ সচেতন এগৰাকী নাগৰিকক পৰিচালনাৰ দায়িত্ব অৰ্পন কৰি পৰিচালনা সমিতি গঠন কৰা নিৰ্দেশ দিয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। উপস্থিত লোকসকলক বিভিন্ন দিশত পৰামৰ্শ আৰু ৰিলিফ কেম্প সন্দৰ্ভত আংশীকভাৱে আভাস দিয়ে বিভাগটোৱে।

আৰু পঢ়কঃ মানকাচৰত দুই ভাতৃ-ভগ্নীক ডিঙি ৰেপি হত্যা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এইবাৰ এই সাহায্য শিবিৰসমুহত যাতে কোনো বানাক্ৰান্তই চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় ইয়াৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে কঠোৰ নিৰ্দেশনা দিয়া হৈছে। উল্লেখ্য যে ক’ভিডৰ বাবে এই শিবিৰত আছুতীয়া কক্ষ স্থাপন কৰি সম্পূৰ্ণ ক’ভিড প্ৰ’টকলেৰে পোনপ্ৰথমবাৰৰ বাবে দেশৰ ভিতৰতে অসমত এইবাৰ এই মডেল সাহায্য শিবিৰত মহিলাসকলৰ বাবে চেনীটাৰী নেপকিনৰ ব্যৱস্থাৰ লগতে শিশু , বয়োজ্যেষ্ঠ, ছাত্ৰ-ছাত্ৰী, সকলো ক্ষতিগ্ৰস্ত লোককেই পৰ্যাপ্ত সা-সুবিধাৰে বানপানীৰ সৈতে মুকাবুলা কৰিবলৈ সাজু হৈছে চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,906 other subscribers

Leave a comment

Leave a Reply