গুৱাহাটীঃ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে আজি এক সংবাদমেল সম্বোধন কৰে।
অসমত প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে। সংখ্যালঘু মানে কেৱল মুছলমান নহয়। সংখ্যালঘু উন্নয়ন ব’ৰ্ডক সকলো কথাতে টানি অনা হয়। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ড সংখ্যালঘুৰ ব্ৰেণ্ড এম্বেচেদৰ নহয় ।
”২০১৭ চনৰ পৰা বোৰ্ডত দালালৰাজৰ অন্ত পৰিছে ।মই কাৰ্যভাৰ লোৱাৰ আগতে দালাল ৰাজ চলিছিল” বুলি আজি অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে উল্লেখ কৰে।
লগতে পঢ়কঃমহানগৰীত অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ
২০১৮-১৯-২০ বিত্তীয় বৰ্ষ ১৩৬৯ ছাত্ৰ-ছাত্ৰীক বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ দিছে ব’ৰ্ডে।
মেধাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক ব’ৰ্ডে নামভৰ্তিৰ বাবে সুযোগ দিয়ে। ২০১৭-১৮ বিত্তীয় বৰ্ষত ১২কোটি টকা ধাৰ্য কৰিছিল চৰকাৰে। কিন্তু ৯০লাখ টকা মোকলাই দিছে চৰকাৰে। ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩কোটি ২০ লাখ টকা ধাৰ্য কৰিছিল। কিন্তু মোকলাই দিছে ১১কোটি ৮৩ লাখ, ৭৭ হাজাৰ ৩শ টকা।
একেদৰে ২০১৯-২০ত ১৬কোটি ৮লাখ ধাৰ্য কৰিছিল।কিন্তু মোকলাই দিছে ১৬ কোটি ১লাখ ২২লাখ ৯শ ৭০ টকা। ২০২০-২১ চনত ১৩কোটি ৩০ লাখ ধাৰ্য কৰিছিল । মোকলাই দিয়ে ৯ কোটি ৬৯ লাখ ৬৫হাজাৰ ৭৬ টকা। চলিত বিত্তীয় বৰ্ষত ১০.৫০ কোটি টকা চৰকাৰে ধাৰ্য কৰিছে। কিন্তু চৰকাৰৰ পৰা বৰ্তমানলৈ কোনো সঁহাৰি পোৱা নাই বুলি মমিনুল আৱালে উল্লেখ কৰে।
৪টা বিত্তীয় বৰ্ষত ৫৪ কোটি ৫৮ লাখ টকা বাজেটত ধাৰ্য হৈছিল।কিন্তু মোকলাই দিছে ৩৮কোটি ৪৪ লাখ ৬৫ হাজাৰ ৩৫৫ টকা।পাবলৈ বাকী ৰ’ল ১৬কোটি ১৩লাখ ৩৪ হাজাৰ ৬৪৫ টকা।