নিউজ ডেস্কঃ  গোলাঘাট জিলাৰ এছবিআই শাখাত ধন হৰলুকি হোৱাৰ ঘটনা সংঘটিত হৈছে। জমা ধন উলিয়াবলৈ গৈ মূৰে কপালে হাত দিবলগীয়া হ’ল এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানে।

ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰাতুল সোণোৱালে  ২০১৮ চনত  এছ বি আই বেঙেনাখোৱা শাখাত তেওঁৰ পেঞ্চনৰ ধনৰ ৫লাখ টকা তিনিবছৰৰ বাবে ফিক্সড ডিপোজিট কৰিছিল। সেই অনুসৰি ২০২১চনৰ ছেপ্তেম্বৰ মাহত তেওঁ ৬.৫লাখ টকা ঘুৰাই পাব লাগিছিল। কিন্তু ৰাতুল সোণোৱালে বেংকৰ পৰা  জমা ধনখিনি উলিয়াবলৈ গৈ দেখে তেওঁৰ জমা ধন এটকাও নাছিল।

আচৰিত হৈ  সোণোৱালে বেংকৰ শাখা প্ৰৱন্ধকৰ কাষ চাপিছিল আৰু তেওঁৰ ধন তেওঁৰ হাতত হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাইছিল।কিন্তু আজিলৈকে ধন ঘূৰাই নাপালে ৰাতুল সোণাৱালে।

অৱশেষত তেওঁ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰে। তাতো একো সঁহাৰি নাপাই জিলা আৰক্ষী অধীক্ষক আৰু গোলাঘাটৰ উপায়ুক্তৰ কাষ চাপি হৰলুকি হোৱা ধন ঘূৰাই পোৱাত সহায় কৰিবলৈ অনুৰোধ জনায়। কিন্তু তাতো কোনো ফলাফল নাপালে ৰাতুলে।  বেংক মেনেজাৰেও ইতিমধ্যে তেওঁলোকক জনাইছিল যে বেংকে এই ক্ষেত্ৰত  একো সহায় কৰিব নোৱাৰে।

অৱশেষত  সোমবাৰে  অৱসৰপ্ৰাপ্ত সেনা জোৱানজনে  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আৰু তেওঁৰ ধন ঘূৰাই পোৱাত সহায় কৰিবলৈ আহ্বান জনায়।

ৰাতুল সোণোৱালে কয়,  “মই ২৪ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিলো আৰু ২০১৬ চনত অৱসৰ গ্ৰহণ কৰিছিলো। ২০১৮ চনত মই মোৰ পেঞ্চনৰ ধনৰ পৰা পাঁচ লাখ টকাৰ ফিক্সড ডিপজিট খুলিছিলো। কিন্তু যেতিয়া মই তিনি বছৰৰ পিছত টকা উলিয়াবলৈ বেংকলৈ গৈছিলো, মোক কোৱা হৈছিল যে  ইতিমধ্যে ২০২০ চনতে পইচাখিনি উলিওৱা  হৈছে। মই আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছিলো, উপায়ুক্তক লগ কৰিছিলো কিন্তু মোৰ কঠোৰ পৰিশ্ৰমৰ ধন ঘূৰাই পোৱা নাছিলোঁ। বেংক কৰ্তৃপক্ষই মোক কৈছিল যে  এই টকাখিনি ইণ্টাৰনেট বেংকিং সেৱাৰ সহায়ত উলিওৱা হৈছে।  মই বেঙ্কৰ পৰামৰ্শঅনুসৰি ইয়োনো ব্যৱহাৰ কৰি আছোঁ। বেংকে এতিয়া কয় যে তেওঁলোকে এই সন্দৰ্ভত একো  কৰিব নোৱাৰে”। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply