নিউজ ডেস্ক- ৰাজ্যৰ প্ৰান্তে প্রান্তে নিৰ্বাচনৰ পূৰ্বে উঠিছে টকাৰ উজান। কাছাৰতো পুনৰ জব্দ লক্ষাধিক টকা।

কাছাৰৰ জিলাৰ কাটিগড় আৰু শিলচৰৰ পৰা ফ্লায়িং স্কোৱাডে জব্দ কৰে ৪ লক্ষাধিক টকা।

ফ্লায়িং স্কোৱাডৰ দলটোৱে শিলচৰৰ পৰা জব্দ কৰে প্ৰায় ২,৬৩,৮৫০টকা আনহাতে কাটিগড়ৰ পৰা জব্দ কৰে নগদ ১,৩৬,৯৬০ টকা।

পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ বাবে কাছাৰ জিলাত ফ্লাইং স্কোৱাড গঠন কৰা হৈছে আৰু ফ্লাইং স্কোৱাডৰ দলে কাছাৰ জিলাৰ সমষ্টিসমূহত অপৰাধৰ বিৰুদ্ধে নিৰীক্ষণ কৰিব।

২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিলৰ ভিতৰত তিনিটা পৰ্যায়ত এইবাৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২ মে’ত হ’ব ভোট গণনা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply