মঙলদৈ: ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা ৷দৰং জিলাত পুনৰ লাভ জেহাদৰ বলি বিবাহিতা মহিলা। ফেচবুকত প্ৰেমৰ সম্পৰ্ক চলাই এগৰাকী বিবাহিতা মহিলাক পলুৱাই নি গ্ৰেপ্তাৰ হ’ল এজন যুৱক ৷


ঘটনাৰ বিবৰণি মতে, জিলাখনৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ এনামুল হক নামৰ যুৱক এজনে দৰঙৰ গেৰিমাৰিৰ বিবাহিতা হিন্দু মহিলা এগৰাকীক প্ৰেমৰ জালেৰে পলুৱাই লৈ যায় ৷

এই ঘটনা সম্পৰ্কে জানিব পাৰি পৰিয়ালৰ লোকে এই সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে৷

মঙলদৈ আৰক্ষীয়ে তদন্ত চলাই মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনকো গ্ৰেপ্তাৰ কৰে ৷ দুয়োকে মঙলদৈ আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক কণমানি আলিয়া তাঁতীৰ হত্যাকাণ্ডৰ দুই অপৰাধীক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply