মৰাণ : মৰাণৰ এটা প্ৰান্তৰত উপদ্ৰৱ চলাইছে বান্দৰে। শ শ বান্দৰে খাই তহিলং কৰিছে শস্য। বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে। 

বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে মৰাণৰ এটা প্ৰান্তৰৰ ৰাইজ। মৰাণ সমষ্টিৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাঁ‌হনি পথাৰ গাঁ‌ৱৰ এটা অঞ্চলত শ শ বান্দৰে অনিষ্ট কৰিছে বহু শস্য। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বান্দৰৰ জাকটোৱে গৃহস্থৰ বাৰীত সোমাই বিভিন্ন ধৰণৰ ৰবি শস্যৰ লগতে বাৰীৰ তামোল, পাণ, নাৰিকল, কল আদি গছ অনিষ্ট কৰি পেলাইছে।

কেৱল ইমানেই নহয় ভঁ‌ৰালৰ সাঁ‌চতিয়া ধান মুঠিও খাই তহিলং কৰিছে বান্দৰৰ জাকটোৱে।কোনো কোনো লোকৰ পাঘৰ পৰ্যন্ত সোমাইছে বান্দৰ। ইফালে বান্দৰৰ উপদ্ৰৱত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে গাঁওবাসী। কাৰণ গাঁওখনৰ অধিক সংখ্যক লোক কৃষিৰ ওপৰতে নিৰ্ভৰশীল। বাৰীত কৰা শাক-পাচলি আদি বিক্ৰী কৰিয়ে চলাই নিছে পৰিয়াল সমূহ।

লগতে পঢ়ক  : অসম নাট্য সন্মিলন পাতিদৰং শাখাৰ উদ্যোগত তিনি দিনীয়া কৰ্মশালা

তেনে স্থলত বান্দৰৰ উপদ্ৰৱে বিমোৰত পেলাইছে লোকসকলক। ৰাইজে বন বিভাগক ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply