গুৱাহাটী : উত্তৰ-পূৱত আজিৰে পৰা প্ৰৱেশ ঘটিল দক্ষিণ-পশ্চিম মৌচুমীৰ। এই মৌচুমীৰ ফলতে ৰাজ্য তথা উত্তৰ-পূৱত আগন্তুক দিনত অব্যাহত থাকিব প্ৰৱল বৰষুণ। আৰৱ সাগৰৰ মধ্যম ভাগৰ পৰা ভাৰত অভিমুখে অহা দক্ষিণ-পশ্চিম মৌচুমীয়ে আজি উত্তৰ-পূৱত প্ৰৱেশ কৰে বুলি তথ্য প্ৰকাশ কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বিগত দুটা বছৰত এই মৌচুমী ১০ জুনত প্ৰৱেশ কৰিছিল যদিও এইবাৰ ৬ জুন তাৰিখেই উত্তৰ পূবত প্ৰৱেশ কৰিলে দক্ষিণ-পশ্চিম মৌচুমীয়ে। এই মৌচুমীৰ ফলত আজিৰে পৰা উত্তৰ-পূৱত চলি থাকিব প্ৰায়ে বৰষুণ। আজিৰে পৰা আগন্তুক ৩ দিনলৈ অসম, মেঘালয়, অৰুণাচল, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত অব্যাহত থাকিব বৰষুণ।

লগতে পঢ়ক : নলবাৰীত বাঢ়নী পানীয়ে উটুৱাই নিলে নিৰ্মীয়মান পকী দলঙৰ সামগ্ৰী

আজি অসমৰ লগতে উত্তৰ-পূৱৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ পৰা আৰম্ভ কৰি তৃতীয় দিনলৈ এই বৰষুণৰ মাত্ৰা অধিক হ’ব বুলি মন্তব্য কৰে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সঞ্জয় অ’নিল শ্বাহে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply