নিউজ ডেস্কঃ আগন্তুক তিনি-চাৰি দিন একেৰাহে উত্তৰ-পূবত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগৰ মতে, তিনিদিন পূৰ্বে কেৰালাত হোৱা নেৰানেপেৰা বৃষ্টিপাত উত্তৰ-পূবৰ দিশে আগবাঢ়িছে।

ইফালে, আজি অৰ্থাৎ সোমবাৰে দিনৰ প্ৰায় ২.৩০ বজাৰ পৰা গুৱাহাটী মহানগৰীত বৃষ্টিপাত হয়। ক’লা ডাঁৱৰে ঢাকি ধৰিছে আকাশ। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা ২ জুনলৈ অসম আৰু মেঘালয়ত বৃষ্টিপাত হোৱাৰ লগতে ১ জুন আৰু ২ জুনত অৰুণাচলপ্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত প্ৰবাল বৃষ্টিপাত হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে।

উল্লেখ্য যে, আজিৰ দিনটোত গুৱাহাটী মহানগৰীত তাপমাত্ৰা ২৬ ডিগ্ৰী চেলছিয়াছ। তদুপৰি এই বৰষুণজাকৰ ফলত পুনৰ মহানগৰীৰ বাট-পথ কৃত্ৰিম বানত ডুব যোৱাৰ আশা প্ৰকট হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply