মৰাণঃ মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। বলেৰ’ পিকআপ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও গুৰুত্বৰভাৱে আহত হয় তিনিগৰাকী লোক।
মৰাণৰ নতুন নগৰত সংঘটিত হয় এই দুৰ্ঘটনাটো। তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখে আহি থকা AS23D5471 নম্বৰৰ এখন ডাম্পাৰে মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS06BC1287 বলেৰ’ পিকআপ খনত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাত দুয়োখন গাড়ী পথৰ কাষত বাগৰি পৰে।
লগতে পঢ়কঃৰাজ্যত চলি থকা এনকাউন্টাৰক লৈ মানৱ অধিকাৰ কৰ্মী
দুয়োখন গাড়ীৰ চালক গুৰুত্বৰ ভাৱে আহত হয় আনহাতে ডাম্পাৰখনত থকা আন এজন লোক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।