মৰাণঃ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাঙলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। আলি আয়ে লিগাঙকলৈ মৰাণতো ব্যাপক প্ৰস্তুতি চলিছে।

মৰাণ ৰাঙলীৰ সমীপৰ বালিখুটি গাঁ‌ৱত মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰুসকল একলগ হৈ গুমৰাগৰ আখৰাত ব্যস্ত হৈ পৰিছে। ঐনিতমৰ সুৰত জীপাল হৈ পৰিছে সমগ্ৰ অঞ্চল।

লগতে পঢ়কঃআৰক্ষীৰ বিৰুদ্ধে নামতোলাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিবাদ

শতাধিক পৰিয়াল বসবাস কৰা অঞ্চলটোত বয়োজ্যেষ্ঠ সকলে আপঙকে ধৰি আলি আয়ে লিগাঙৰ প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

বালিখুটি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ ফিল্ডতো ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে একেলগে লৃগাং উপলক্ষে নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰা পৰিছে। সম্পূৰ্ণ কৃষিভিত্তিক আলি আয়ে লৃগাং পালনৰ বাবে এতিয়া আনন্দ মতলীয়া হৈছে মৰাণৰ মিচিং সমাজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply