মৰাণঃ দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয় লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণৰ বতামৰাৰ নিৱাসী বৰ্ণালী গগৈয়ে। দিল্লীৰ অক্সৰা থিয়েটাৰত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ মুকুট লাভ কৰে মৰাণৰ বৰ্ণালী গগৈয়ে।

লগতে পঢ়কঃখুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত ‘কৃষকৰ অংশীদাৰীত্ব আমাৰ প্ৰাথমিকতা’ অভিযান কাৰ্যসূচী

সৌন্দৰ্য্য প্ৰতিযোগিতাখনিত বাংলাদেশ, হাৰিয়ানা, দাৰ্জিলিং আদি ঠাইৰ প্ৰায় ৪০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এইসকল প্ৰতিযোগীক চেৰ পেলাই দুটা সন্তানৰ মাতৃ হৈও মৰাণৰ বৰ্ণালী গগৈয়ে বিজয়ীৰ মুকুট লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈছে ৰাজ্যৰ লগতে মৰাণবাসী ৰাইজ। ইয়াৰ পূৰ্বেও বৰ্ণালী গগৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply