মৰাণঃ এতিয়া বসন্ত বতৰ , ৰাজ্যৰ চৌদিশে সকলোৱে হেঁপাহৰ বহাগীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন। ঢোল, পেঁপাৰ মাতত ৰজনজনাই কঁপাই তুলিছে ৰাজ্যৰ আকাশ-বতাহ। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মৰাণতো নগৰে – চহৰে সকলোতে মাথো ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।

মৰাণ নগৰৰ সমীপৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণহাটস্থিত ‘মৰাণ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ চৌহদত সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ মৰাণবাসীৰ সহযোগত সপ্তম বাৰ্ষিক বিনামূলীয়াকৈ লোকবাদ্য আৰু বিহুনাচৰ কৰ্মশালা অনুষ্ঠিত হয়।

লগতে পঢ়কঃচৰাইদেউৰ মাইবেলাত আজিৰ পৰা আৰম্ভ বিহু নাচ-ঢোল বাদনৰ কৰ্মশালা

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে থাকে লোক সংস্কৃতিৰ সাধক ৰঞ্জিত গগৈ , জনপ্ৰিয় সাংস্কৃতিক শিল্পী মন্টু গগৈ, লগতে ৰাজ্যিক ভিত্তিত বিহুৰাণী খ্যাতি লাভ কৰা দুগৰাকী নাচনী লগতে বৰবিহুৱতী অংকিতা দুৱৰাৰ উপৰিও বহু কেইগৰাকী শিল্পী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply