মৰাণ: মৰাণত দীৰ্ঘদিনৰ পৰা সক্ৰিয় হৈ থকা গাড়ী-বাইক স্কুটী চুৰি চক্ৰৰ কাৰ্যত অঞ্চলটোৰ ৰাইজৰ মাজত ক্ষোভ প্ৰকাশ পাইছে। শেহতীয়াকৈ মৰাণ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি অৰুণাচলৰ কানুবাৰী গেটৰ পৰা এখন স্কুটী সহ আটক কৰিছে এটা চোৰক।
মৰাণৰ পৰা স্কুটী খন চুৰি কৰি নি চুবুৰীয়া ৰাজ্যত বিক্ৰী কৰিবলৈ নিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। উল্লেখ্য যে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দোমৰদলঙৰ পৰা ASO6-AA-3558 নম্বৰৰ এখন স্কুটী চুৰি হোৱাৰ খবৰ পোৱাৰ পিছতে তৎপৰ হৈছিল মৰাণ আৰক্ষী।
সেই ভিত্তিতে অভিযান চলাই অৰুণাচলৰ কানুবাৰীৰ পৰা স্কুটী সহ দোমৰদলং মাজবিল গাঁৱৰ বগা চুতীয়া ওৰফে জিন্টু চুতীয়াক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
আনহাতে আৰক্ষীয়ে জানিব দিয়া অনুসৰি এই চুৰি ঘটনাৰ লগত এক বৃহৎ চুৰি চক্ৰ জড়িত হৈ আছে। চক্ৰটোক উৎখাত কৰিবৰ বাবে তদন্ত চলাই আছে যদিও এই ক্ষেত্ৰত সফলতা লাভ কৰাত ব্যৰ্থ হৈছে মৰাণ আৰক্ষী।
লগতে পঢ়কঃপঞ্জাব বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এটা দল