মৰাণঃ হঠাৎ ৰান্ধনীৰ ৰূপত পথাৰৰ মাজত দেখিবলৈ পোৱা গ’ল টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়াল সকলক নিজৰ পিতৃ-মাতৃৰ লগত যি সময় অতিবাহিত কৰিবৰ বাবে ছুটি মঞ্জুৰ কৰিছিল তাৰে প্ৰতিফলন দেখিবলৈ পোৱা গ’ল টিংখাঙত।

পিতৃ-মাতৃৰ লগতে গাওঁবাসীৰ সৈতে প্ৰীতিৰে এসাজ খালে মন্ত্ৰী বিমল বৰাই। টিংখাং সমষ্টিৰ ধোৱাপথাৰ-কেছেৰুগুৰিবাসী ৰাইজৰ সৈতে পথাৰৰ মাজত ৰান্ধনীৰ ৰূপত দেখা গ’ল মন্ত্ৰী বিমল বৰাক।

লগতে পঢ়কঃইথানল যুক্ত পেট্ৰ’ল-ডিজেল বিক্ৰী নকৰাৰ সিদ্ধান্ত নৰ্থ ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনৰ

এই ছুটীৰ দিনত অকল নিজ ঘৰতে আৱদ্ধ নাথাকি ধোৱাপথাৰ-কেছেৰুগুৰি বাসীৰ লগত একলগহৈ বৃদ্ধ আই-পিতাই সকলৰ লগত এসাজ খোৱাৰ উদ্যেশে নিজে হাতে কামে লাগি আয়োজন কৰে “আই-পিতাইৰ সৈতে প্ৰীতিৰে এসাজ “।

মন্ত্ৰী গৰাকীৰ লগতে এই কাৰ্যত সহযোগ কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। মন্ত্ৰী গৰাকীৰ এই পদক্ষেপক কৃতজ্ঞতা জ্ঞাপন কৰিলে স্থানীয় ৰাইজে। বিভিন্ন খেল-ধেমালিৰ মাজেৰে ছুটিৰ দিনটোত লগে ভাগে এসাঁজ খাই আনন্দ কৰিলে ধোৱাপথাৰ-কেছেৰুগুৰিবাসী ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply