মৰাণঃ ৰাজ্যত দৰিদ্ৰ পৰিয়ালক সমূহক বিনামূলীয়া বিদ্যুৎ সংযোগেৰে পোহৰাই তোলাৰ প্ৰচেষ্টাৰে ৰাজ্য চৰকাৰ তথা শক্তি বিভাগে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু একাংশ ঠিকাদাৰৰ গাফিলতিৰ বাবেই পোহৰৰ মুখ দেখা নাপাব পাৰে একাংশ পৰিয়ালে।
শক্তি মন্ত্ৰী বিমল বৰাই মৰাণ সমষ্টিৰ লগতে নিজা সমষ্টি টিংখাঙৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি এপিডিচিএলৰ একাংশ ঠিকাদাৰৰ কামকলৈ অসন্তুুষ্টি প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে মৰাণ লেঙেৰীৰ ৰাজপথতে ঠিকাদাৰক গামোচা পিন্ধাই শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনালে। নিদিষ্ট সময়ৰ ভিতৰত কাম শেষ কৰিব নোৱাৰিলে ঠিকাদাৰ প্ৰতিষ্ঠানক ব্লেকলিষ্ট কৰাৰ হুংকাৰ দিয়ে মন্ত্ৰী বিমল বৰাই।
লগতে পঢ়কঃলকডাউনৰ সুযোগত গোপনে অসমৰ পৰা বাতিল কৰা হ’ল ১২খন ট্ৰেইন