মৰাণঃ কেইগৰাকীমান যুৱকক লগত লৈ মাছলৈ ওলাল মন্ত্ৰী বিমল বড়া। নাৱেৰে মৎস্য চিকাৰ কৰিলে মন্ত্ৰীগৰাকীয়ে।

টিংখাং বিধান সভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ প্ৰচেষ্টাত নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ উদ্দেশ্য ‘দিহিংচাং বহুমুখী প্ৰকল্প আৰম্ভ কৰি আজি নিজ হাতে মাছ ধৰি বিক্ৰী কৰিলে মন্ত্ৰী গৰাকীয়ে।

যুগ যুগ ধৰি পৰিত্যক্ত হৈ পিতনিলৈ পৰিণত হোৱা দিচাং নদীৰ এৰাসুঁতিত গঢ় লৈ উঠিছে দিহিংচাং বহুমুখী প্ৰকল্প। উক্ত আঁচনিৰ অন্তৰ্গত পানীবিল মৎস্য পালন কেন্দ্ৰত সংস্থাপন লাভ কৰিছে ১২০ জন শিক্ষিত নিবনুৱা যুৱকে।

লগতে পঢ়কঃৰাজ্যত পুনৰ ৮ বছৰীয়া কন্যাক ধৰ্ষণৰ অপচেষ্টা

৬ টাকৈ গোটত ভাগ হৈ প্ৰায় ১৫০ বিঘা এই বিশাল জলাশয়ত মৎস্য পালন কৰি এতিয়া বিভিন্ন প্ৰজাতিৰ মাছ আজি বিক্ৰী কৰে ।

ভৱিষ্যতে এই প্ৰকল্পটো পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব বুলি মত প্ৰকাশ কৰিলে মন্ত্ৰী বিমল বড়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply