মৰাণ, স্বপনীল দেউৰী: চৰাইদেউ জিলাৰ মৰাণ নগৰৰ পৰা ৰাঙলী হৈ সোণাৰী সংযোগী পথত দিৰৈ নৈৰ ওপৰত থকা এখন পুৰণি লোহাৰ দলঙৰ পাইপ ভাগি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হৈছে পথচাৰীৰ ।  

শিল কঢ়িয়াই অনা এখন ডাম্পাৰ লোৰ দলংখনত উঠাৰ পাছতে এমূৰে থকা পাইপ ভাগি পৰে । যাৰ ফলত দলং খনেৰে যান-বাহন চলাচল কৰাত সমস্যা সৃষ্টি হৈছে । দুটা দিনৰ আগতে দলংখনৰ এই ৰূপ হ’ল যদিও সংশ্লিষ্ট বিভাগৰ লগতে অইল কৰ্তৃপক্ষই কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা নাই । 

স্থানীয় লোকে নিজৰ বাহন পাৰ কৰিবলৈ দলংখন সামান্য মেৰামতি কৰি লৈছে যদিও পৰ্যাপ্ত নোহোৱাত বাহন সমূহ আজিও পাৰাপাৰ কৰিব পৰা নাই । মৰাণৰ হিংৰিজানৰ সমীপত দিৰৈ নৈৰ ওপৰত থকা এই দলংখন পকীকৰণৰ বাবে বিভিন্ন সময়ত স্থানীয় ৰাইজ আৰু দল-সংগঠনে দাবী জনাই আহিছে যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই ।  

উল্লেখযোগ্য যে, এই লোৰ দলংখন অইল ইণ্ডিয়া লিমিটেডে কেইবাদশকৰ পূৰ্ৱে নিৰ্মাণ কৰিছিল আৰু মেৰামতিৰ নামত অইলৰ একাংশ ঠিকাদাৰে কেৱল চুণ-তেল সানিয়েই মেৰামতিৰ ধন আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰে দলংখন পকীকৰণৰ বাবে অইল কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে চৰকাৰকো ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,740 other subscribers

Leave a comment

Leave a Reply Cancel reply