মৰাণ: বামুনবাৰীৰ ২ নং দীঘলীয়াত অগ্নিকাণ্ড সংঘটিত হয়। ৰামেশ্বৰ বাসগৃহত হয় এই অগ্নিকাণ্ড।
স্থানীয় লোকৰ মন্তব্য অনুসৰি প্ৰথমে বিদ্যুৎৰ ট্ৰেন্সফৰ্মাৰত বৃহৎ শব্দ হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। লগতে গাওঁ খনত বিদ্যুৎৰ অভাৰভল্টেজৰ ফলত কেইবাটাও বাসগৃহৰ বিদ্যুতৰ সামগ্ৰী অনিষ্ট হয়।
স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত ৰামেশ্বৰ বাসগৃহৰ কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও প্ৰয়োজনীয় নথি পত্ৰৰ লগতে বহুতো মূল্যবান সামগ্ৰী জুইত জাহ যায়। ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিত হৈ জুই নিৰ্বাপন কৰি আৰু অধিক ভয়ংকৰ অগ্নিকাণ্ড পৰা ৰক্ষা কৰে।
শক্তি মন্ত্ৰী বিমল বড়াৰ সমষ্টিতে বিদ্যুৎ বিভাগৰ বিষয়টোৰ সম্পৰ্কত গুৰুত্ব নিদিয়াৰ ফলতেই সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত এটা পৰিয়ালে নিজৰ কষ্টৰে উপাৰ্জিত সকলো সামগ্ৰী জাঁহ যায়।
লগতে পঢ়ক – পুনৰ মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা