মৰাণঃ মানুহৰ ভাগ্য কেতিয়া উদয় হয় কোনেও ক’ব নোৱাৰে। মৰাণ বামুণবাৰীৰ ৰিংকু শৰ্মা নামৰ যুৱকজনৰ ভাগ্য় সলনি কৰিলে এবেগ চিমেন্টৰ বেগে।

এজন তেনেই সাধাৰণ ব্যক্তি ৰিংকু শৰ্মাই দা-কটাৰী গঢ়ি পৰিয়াল পোহপাল দি আছে। বিগত পাঁ‌চ বছৰ ধৰি কমাৰৰ কাম কৰি আহিছে ৰিংকুৱে। সপোন অলেখ কিন্তু ধনৰ অভাৱত সেই সপোন আধাতে মৰহি যায় ৰিংকুৰ।

কমাৰৰ কাম কৰি ৰাহি হোৱা দুই এটকা সাচি ৰিংকুৱে এটি পকী দোকান বনাবলৈ আৰম্ভ কৰিলে যদিও তাতো কৰোনা মহামাৰী আৰু লকডাউনে আৰ্থিক ক্ষেত্ৰত বাধা সৃষ্টি কৰিলে। দুদিনমানৰ পূৰ্বে ৰিংকুৱে পুনৰ সাঁচতীয়া টকাৰে দুটামান চিমেন্টৰ বেগ আনি কাম আৰম্ভ কৰিলে। কিন্তু এটা চিমেণ্টৰ বেগেই সপোন সাৰ্থক কৰিলে ৰিংকুৰ। 

ৰিংকুৱে অনা ব্লেক টাইগাৰ চিমেন্টৰ এটা বেগত ওলাল এক লাখ টকাৰ এটা কুপন । ৰিংকুৱে সেই কুপন হাৰ্ডৱেৰ দোকানখনত জমা দিয়াৰ পিছত বামুণবাৰীৰ ৰিংকুৱে লাভ কৰে এক লাখ টকা এখন চেক।

লগতে পঢ়কঃবৰ মৌৰ আক্ৰমণত টীয়কৰ চেলেংহাটত মৃত্যু এজনৰ

সপোনৰ পিছত দৌৰি থকা ৰিংকু আজি আনন্দিত । আজি তেওঁক চিমেন্ট কোম্পানী ব্লেক টাইগাৰ তৰফৰ পৰা চেক প্ৰদান কৰি ফুলাম গামোচাৰে মৰম যচাৰ লগতে দোকানৰ স্বত্বাধিকাৰ গৰাকীকো গামোচা আৰু ফুল থুপাৰে সম্বোধনা জনায় । ইফালে সমগ্ৰ বামুণবাৰী অঞ্চলতে আজি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয় । ৰিংকুৱে জানিবলৈ দিয়া অনুসৰি তেওঁ এই টকাৰে আধৰুৱা হৈ থকা দোকানখন পকী কৰি লব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply