মৰাণঃ মৰাণৰ বুঢ়ীদিহিঙৰ চাপৰিত হালধীয়া দলিচা। চাৰিওফালে এতিয়া ফুলি উঠিছে সৰিয়হ ফুলৰ হালধীয়া। বুঢ়ীদিহিঙৰ চাপৰিৰ হালধীয়াৰ সৌন্দৰ্যত আকুল সকলো।
খোৱাং হালধিবাৰীৰ কৃষক অতুল চেতিয়াই ৫৫ বিঘা মাটিত কৰিছে সৰিয়হ খেতি।
লগতে পঢ়কঃনতুন শিক্ষানীতিৰ নিৰ্দেশনা প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰে
ব্যক্তিজনে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কৰা সৰিয়হ সমূহ এতিয়া ফুলিব ধৰিছে। ১৫ বছৰ ধৰি খেতিকে পেছা হিচাপে বাছি লোৱা ব্যক্তিজনৰ সৰিয়হৰ বহুতে সৌন্দৰ্য উপভোগ কৰিবলৈকে ঢাপলি মেলিছে বুঢ়ীদিহিঙৰ চাপৰিলৈ ।
কৃষকজনে জানিবলৈ দিয়া অনুসৰি এইবাৰ ভাল হৈছে এই খেতি । বতৰে বিধি পথালি নিদিলে হয়তু আশা কৰাৰ ধৰণেই ফল পাব কৃষক সকলে ।