মৰাণঃ মৰাণৰ বামুনবাৰী বৰবাম গাঁৱৰ প্ৰায় ২৫ জন শিক্ষিত যুৱকে মিলি খেতিৰে কৰিছে কৃষি বিপ্লৱৰ সূচনা। চাকৰিৰ পাছে পাছে দৌৰি নাথাকি নিজৰ গাঁঠিৰ ধন ভাঙি নিৱনুৱা যুৱক কেইজনে ষাঠি বিঘা মাটিত কৰিছে কবিৰ লগতে অন্যান্য খেতি।
ইতিমধ্যে তেওঁলোকৰ সপোনৰ খেতিডৰা পূৰঠ হৈছে। যি ফালেই চাই সেইফালেই কেৱল ডাঠ সেউজীয়া। সপোনৰ ফুলকবি খেতিডৰা বগা পাহিমেলাত হাঁহি বিৰিঙিছে যুৱক কেইজনৰ মুখত। যুৱক কেইজনে এই খেতিৰ পৰা অধিক লাভাম্বিত হ’ব বুলি আশা কৰিছে। ইতিমধ্যে প্ৰায় ৬০ কুইণ্টলৰো অধিক ফুলকবি বিক্ৰী কৰিছে বজাৰত।
আনহাতে বিগত প্ৰায় ২৫ বছৰে এই খেতিৰ সহায়তে পৰিয়াল পোহপাল দিয়াৰ লগতে বছৰি ৫ৰপৰা ৬লাখ টকা লাভান্বিত হৈছে বুলি জানিব দিয়ে যুৱক সকলে।
পিছে চৰকাৰী কোনো সা- সুবিধা সময়ত লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে যুৱক কেইজনে। নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে মৰাণৰ যুৱক সকলে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে।