মৰাণঃ মনত ইচ্ছা শক্তি থাকিলে কোনো শাৰীৰিক প্ৰতিবন্ধকতাই জীৱনৰ বাটত হেঙাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াৰে এক উদাহৰণ দাঙি ধৰিছে মৰাণ সমষ্টিৰ খোৱাঙৰ এজন ব্যক্তিয়ে।

খোৱাং কটকী পুখুৰীৰ কৰ্ণজিৎ বৰা (অকন) নামৰ ব্যক্তিজন ৬ বছৰৰ আগতে গছৰ পৰি এখন ভৰি ভাগি পংগু হৈ পৰিছিল।

কিন্তু ব্যক্তিজনে পংগুত্বৰ মাজেৰে কৃষিকৰ্ম কৰি জীৱন সংগ্ৰাম চলাই গৈছে। কৰ্ণজিৎ বৰাৰ পৰিয়ালত আছে পত্নী আৰু কন্যা। কন্যা গৰাকী বৰ্তমান বিদ্যালয়ত অধ্যয়নৰত। পূৰ্বে বিভিন্ন ব্যৱসায় কৰি ব্যক্তিজনে পৰিয়াল চলাইছিল যদিও এতিয়া পংগু হৈ পৰাৰ পিছত পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে।

এই সমস্যাকো আওকাণ কৰি ব্যক্তিজনে বুঢ়ীদিহিং মথাউৰিৰ নিচেই কাষতে থকা নিজা মাটি দৰাত খেতি কৰিবলৈ আৰম্ভ কৰিলে । বৰ্তমান ৰঙালাও, কেৰেলা, ফেঞ্চবিন, লাই, সৰিয়হ, মাটিমাহ আদি ৰবি শস্যৰ খেতি কৰিছে ব্যক্তিজনে ।

লগতে পঢ়কঃছয়মাহিলী পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ গোৰেশ্বৰৰ গুৰমৌ হাইস্কুলত উত্তপ্ত পৰিস্থিতি

এখন ভৰিয়েই যথেষ্ট কষ্ট কৰি কৰিছে পাঁচলিৰ খেতিসমূহ। ইয়াৰ পৰাই যি দুই এপইচা উপাৰ্জন হয় তাৰে কন্যাৰ পঢ়া খৰচৰ লগতে পৰিয়াল চলাই নিছে।

চৰকাৰৰ  কৃষি বিভাগৰ কোনো আঁ‌চনিয়ে ঢুকি নোপোৱা ব্যক্তিজনৰ কৰ্মৰাজি সামাজিক মাধ্যমতো চৰ্চিত হৈছে। খৰাং বতৰে আহুকাল সৃষ্টি কৰা ব্যক্তিজনৰ কৃষি কৰ্মত পানীৰ বাবে নাই কোনো উন্নত প্ৰযুক্তি। চৰকাৰে যদি ব্যক্তিজনক অলপ সহায় কৰে, তেন্তে এই সংগ্ৰামত কিছু সহায়ক হ’ব বুলি ৰাইজে আশা কৰিছে । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply