মৰাণঃ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। মৰাণত জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটি শিশুৰ মৃত্যু। মৰাণৰ সমীপৰ মৰাণহাট আৰক্ষী থানাৰ অধীনৰ চেপন আৰক্ষীচকীৰ অন্তৰ্গত দোমৰদলং চাহবাগিচা বৰুৱাহোলা শাখাৰ ১২ নম্বৰ লাইনত হোৱা এক অগ্নিকাণ্ডই নিমিষতে প্ৰাণ কাঢ়ি নিলে তিনিটি কণমাণি শিশুৰ।

ধানখেৰৰ চালিৰ তলত চাৰিটি শিশুৱে খেলি থকা অৱস্থাত হঠাতে জীৱন্তে অগ্নি দগ্ধ হৈ মৃত্যু হয়।

মৃত শিশুকেইটা বিভান মুণ্ডা(২), অনুদ মুণ্ডা (৫) আৰু কহিনুৰ কৰুৱা (২.৫)। কথমপি প্ৰাণৰক্ষা পৰিল আন এটি শিশুৰ।

লগতে পঢ়কঃটীয়কত ফকলেণ্ড চুৰিৰ সন্দেহত চাৰিজনক আৰক্ষীক গতালে স্থানীয় যুৱকে

বৰ্তমান ঘটনাস্থলীত মৰাণহাট আৰক্ষী, চেপন আৰক্ষীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ইণ্ডিকা গগৈ উপস্থিত হৈ ঘটনাৰ বুজ লৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পিনৰ পৰা সাহাৰ্য্য প্ৰদানৰ আশ্বাস দিয়ে চক্ৰবিষয়া ইণ্ডিকা গগৈয়ে।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply