মৰাণঃ মৰাণত গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ অজয় চুতীয়াৰ মৃতদেহ উদ্ধাৰ।
মৰাণৰ কিৰণ নগৰৰ নিজ গৃহৰ ওপৰৰ মহললৈ উঠা চিৰিত উদ্ধাৰ হৈছে ঠিকাদাৰ জনৰ মৃতদেহ।
মৃতদেহটোৰ কাষত এটা . ২২ পিষ্টল আৰু এডাল স্ক্ৰু ডাইভাৰ উদ্ধাৰ হৈছে।
লগতে পঢ়কঃশিৱসাগৰত বিধায়ক অখিল গগৈৰ অৱস্থান ধৰ্মঘট
ঠিকাদাৰ জনক হত্যা কৰা হৈছে নে আত্মহত্যা কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত মৰাণহাট আৰক্ষীৰ উপস্থিত হোৱাৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।