মৰাণঃ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ২নং কাচমাৰীত আৰক্ষীৰ এনকাউণ্টাৰত দুধৰ্ষ অপৰাধী গুলিবিদ্ধ।
ভোটকু ওৰফে বিকাশ ওৰফে অৰুণ কুৰ্মী (২৮)নামৰ অপৰাধীটোক আৰক্ষীয়ে কৰায়ত্ত কৰোতেই পলায়ন কৰিবলৈ চেষ্টা কৰে অৰুণ কুৰ্মীয়ে।
আৰক্ষীয়ে অৰুণলৈ লক্ষ্য কৰি দুই জাই গুলি ফুটোৱাত অৰুণ কুৰ্মীৰ সোঁভৰিত গুলি লাগে ।
গুলিবিদ্ধ অৰুণ কুৰ্মীক মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ লৈ আহে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে প্ৰেৰণ কৰিছে।
লগতে পঢ়কঃমাৰ্ঘেৰিটা আৰক্ষীৰ অভিযানত ২ লাখ টকাৰ ড্ৰাগছ সহ ধৃত ২
আৰক্ষীয়ে অৰুণ কুৰ্মীৰ পৰা দুটা সজীৱ গুলি, দুটা মেগাজিন, তিনিটা খালি কাৰ্টিজসহ দুটা পিষ্টল উদ্ধাৰ কৰে।
উল্লেখ্য যে, অৰুণ কুৰ্মী বাইক চুৰৰ লগতে বিভিন্ন অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত পূৰ্বেও পাঁচবাৰকৈ জেললৈ যাবলগীয়া হৈছিল। মৰাণ, ডিমৌকে ধৰি বহু থানাত অপৰাধীজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।