মৰাণঃ চৰাইদেউ জিলাৰ মৰাণৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খটখটিত জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি প্ৰশাসনে চাহ শ্ৰমিকৰ চাৰিটা পৰিয়ালৰ ১১ বিঘা ৩ লুচা মাটি উচ্ছেদ কৰিবলৈ অহাত উত্তেজিত হৈ পৰে পৰিয়ালকেইটাৰ লগতে মৰাণৰ চাহজনগোষ্ঠীৰ লোকসকল। উচ্ছেদ চলালে গাত কেৰাচিন তেল ঢালি জুই লগাই আত্মজাহ দিয়াৰ হুংকাৰ প্ৰদান কৰে পৰিয়ালকেইটাই।

উল্লেখযোগ্য যে পৰিয়াল কেইটিৰ অভিযোগ অনুসৰি মৰাণৰ সমীপৰ চেপনৰ কুলেশ তালুকদাৰ নামৰ লোকজনে বিটুল চাওৰা, টিংকু চাওৰা, ৰামু চাওৰা আৰু ৰবিন চাওৰাৰ পিতৃৰ পৰা অতি কৌশলৰে এক বিঘা মাটি কিনিছিল। কিন্ত অতি কৌশলগত ভাৱে কুলেশ চাওৰাই আইনী মেৰপেচেৰে পৰিয়ালকেইটাৰ সম্পূৰ্ণ ১১ বিঘা ৩ লুচা মাটি নিজৰ নামলৈ আনে বুলি পৰিয়ালকেইটাই জানিব দিয়ে। আজি পৰিয়ালকেইটাক কোনো আগজাননী নিদিয়াকৈ চৰাইদেউ জিলা দণ্ডাধীশৰ নিৰ্দেশত উচ্ছেদ চলাবলৈ অহাত চেপা উত্তেজনাৰ সৃষ্টি হয়।

ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগী আৰু দৰিদ্ৰ পৰিয়াল কেইটিয়ে চাহজনগোষ্ঠীৰ সংগঠনৰ সহযোগত দ্বিতীয় বাৰলৈ আদালতৰ কাষ চাপিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply