মৰাণঃ ”ধূলিয়ৰী ভাৱনাৰ মাজতো যেন নানাৰঙৰ বোল,
শুকান হ’লেও তুমি মোৰ আলফুলীয়া ফাগুন।।”
”ফাগুনে আনে নানা ৰং, সুমধুৰ গীতৰ গুনগুণনি,
এজাক মলয়া বতাহে চুমি যায় হৃদয়ৰ কঁপনি।”
ফাগুনক লৈ যে কিমান কবিতা। কোনোৱে কয় ফাগুন দুষ্ট আন কাৰোবাৰ বাবে আকৌ ফাগুন উতনুৱা।

এচাতি কোমল বতাহৰ সৈতে আকৌ আহিল ফাগুন। বহুতে বহু ধৰণৰ ব্যাখ্যা দিয়ে ফাগুনৰ।আঘোনৰ সোণোৱালী পথাৰখন উদং হৈ পৰাৰ পিছত ফাগুনৰ তপত ৰ’দে ধুৱলি-কুৱলী কৰি তুলে উদং পথাৰখন। ৰিব ৰিব মলয়া বতাহৰ মাজত উদ্ভাসিত হয় প্ৰেমৰ এক আস্বাদন। এই ফাগুনতেই কবি-গীতিকাৰ সকলে সৃষ্টি কৰে ন ন গীত, ন-ন কবিতা।
লগতে পঢ়কঃআন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস…
সেয়া যিয়েই নহওক, ফাগুনৰ আছে এক স্বকীয় বৈশিষ্ট্য। ফাগুন আহিলেই আকাশ ৰাঙলী কৰি ফুলিবলৈ ধৰে পলাশ, মদাৰ, শিমলু । এই ফুলৰ ৰঙীন দৃশ্য বিলাকে মনবোৰতো খলকনি তোলে। ফাগুনে কঢ়িয়াই আনে প্ৰেমৰ বতৰা। উন্মনা কৰি তোলে ডেকা-গাভৰুৰ মন। লঠঙা হৈ পৰা গছ-লতা বিলাকে এই ফাগুনৰ পৰাই আশা কৰে বসন্তত ন-সাজ পিন্ধিবলৈ। সেয়ে হয়তু বহুতে কয়, ফাগুন ৰঙৰ মাহ। এই ফাগুনতেই উদযাপন কৰা হয় হোলি বা ফাকুৱা উৎসৱ।
এজনে আনজনক ৰং সানি মন ৰঙীন কৰাৰ লগতে মৰম-চেনেহ আৰু ভাতৃত্বৰ এনাজৰীডালো সুদৃঢ় কৰে। গীতিকাৰ বা শিল্পীৰ দৃষ্টিত ফাগুন এটা সুৰীয়া মাহ। মন বিলাক অস্থিৰ কৰি তোলা এই ফাগুনক লৈয়ে সৃষ্টি হৈছে কেইবাটাও জনপ্ৰিয় গীত। মুঠৰ ওপৰত ফাগুনৰ ব্যাখ্যা সীমাহীন । সেয়ে কোৱা হয় ফাগুন এক অনন্য মাহ।