মৰাণঃ “আমাৰ পৰিয়ালটোক শান্তিৰে জীয়াই থাকিবলৈ অলপ সহায় কৰক।” কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনালে মৰাণৰ সমীপৰ খোৱাঙৰ এগৰাকী মহিলাই। এটা শিল ভঙা মেচিনে হাৰাশাস্তিত ভুগাইছে খোৱাঙৰ এটি পৰিয়ালক। অভিযোগ অনুসৰি ব্যৱসায়ী অতুল বৰাই খোৱাং চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২০১০ চনতে স্থাপন কৰিছিল শিল ভঙা মেচিনটো। তাৰ পিছৰে পৰা নিৰ্বিচাৰে চলাই ৰাখিছে মেচিনটো। ইফালে মেচিনটোৰ নিচেই কাষতে বাস কৰে এটা পৰিয়াল। এই পৰিয়ালটোলৈ পিঠি দি দ’ম দ’ম শিল ভাঙি এক প্ৰকাৰৰ অশান্তিত ভোগাইছে পৰিয়ালটোক।
লগতে পঢ়কঃসৌন্দৰ্য প্ৰতিযোগিতাত ‘MISS TEEN ASSAM’ খিতাপেৰে জিলিকিল টীয়কৰ জীয়ৰী শ্ৰেষ্ঠা
পৰিয়ালটোৱে এই সন্দৰ্ভত ব্যৱসায়ীজনৰ লগতে স্থানীয় গাঁওবুঢ়া আৰু প্ৰশাসনক অৱগত কৰিছে যদিও কোনো সহাৰি পোৱা নাই। এক প্ৰকাৰৰ গুণ্ডাৰাজ চলাই ব্যৱসায়ীজনে চলাই ৰাখিছে এই বৃহৎ মেচিনটো। ব্যৱসায়ীজনে মেচিনটো স্থাপনৰ সময়তো পৰিয়ালটোৰ পৰা কোনো অনুমতি লোৱা নাছিল। শব্দ প্ৰদূষণৰ লগতে সম্পূৰ্ণ ধূলিময় পৰিৱেশত জীৱন নিৰ্বাহ কৰি থকা দুটিকৈ সন্তান থকা পৰিয়ালটোৱে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।