মৰাণঃ মাত্ৰ ১৩ বছৰ বয়সতে ১৩টি গীত গাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে মৰাণৰ সমীপৰ ১নং লেঙেৰী গাঁৱৰ এগৰাকী কিশোৰী।
অসাধাৰণ প্ৰতিভাৰ কিশোৰীগৰাকীয়ে কম বয়সতে ইমান সুন্দৰকৈ ১৩ টি ভাষাৰ গীত গাই ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। মহেন্দ্ৰ চাংমাই আৰু কেতেকী চাংমাইৰ একমাত্ৰ কন্যা ইন্দুমণি চাংমাইয়ে মহামাৰী কৰোণা ভাইৰাছৰ ফলত সমগ্ৰ দেশ লকডাউন হৈ থকাৰ সময়ত সামাজিক মাধ্যমত (you tube)ত গীত সমূহ শুনি শুনি বৰ্তমান লৈকে ১৩ টি ভাষাৰ গীত সুন্দৰকৈ পৰিৱেশন কৰে।
লগতে পঢ়কঃক’লা লা’ৰৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
কোৰিয়ান, তামিল, তেলেগু, টাই, গুজৰাটী, অৰুণাচলী, কাৰ্বিকে আদি কৰি মুঠ ১৩ টি ভাষাৰ গীত পৰিৱেশন কৰিব পাৰে ইন্দুমণিয়ে।
লেঙেৰী জাতীয় বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা ইন্দুমণিয়ে গীত গোৱাৰ লগতে পঢ়া-শুনাৰ প্ৰতিও যথেষ্ট আগ্ৰহী। লগতে খেলাধূলা আৰু ছবি আঁকিয়ো খুব ভাল পাই ইন্দুমণিয়ে।