মৰাণৰ পৰা স্বপনীল দেউৰীঃ ছাগলী পালনেৰে আত্মসংস্থাপনৰ পথ দেখুৱাইছে মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তৰ অন্তৰ্গত জুটুলীবাৰীৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটে। ১০জনীয়া গোটটোৱে দুবছৰ ধৰি পালন কৰি আহিছে ছাগলী। সম্পূৰ্ণ নিজা খৰচত আৰম্ভ কৰা এই ফাৰ্মখনৰ পৰা ইতিমধ্যে কেইবাটাও ছাগলী বিক্ৰী কৰি লাভবান হৈছে গোট।

কম ঠাইত ঘৰুৱা সামগ্ৰীৰে দানা প্ৰস্তুত কৰি ছাগলী বিলাকক খুৱাই যথেষ্ট লাভৱানো হৈছে বুলি সদস্য সকলে জানিবলৈ দিছে। সভাপতি ৰূপ নাৰায়ণ শৰ্মা আৰু সম্পাদক মিনেশ্বৰ মিলিৰ নেতৃত্বত সুচাৰুৰূপে চলাই নিছে গোটটো।

লগতে পঢ়কঃডায়েট চাবুৱাত হাতে লিখা আলোচনী ‘সৃজন’ উন্মোচন

বৰ্তমান ফাৰ্মখনত মতা-মাইকী মিলাই মুঠ ৩৫ টা ছাগলী আছে । তেওঁলোকে জানিবলৈ দিয়া অনুসৰি যি বিলাক ছাগলী বিক্ৰী কৰা হৈছে সেই টকাৰে ফাৰ্মখন বহল কৰাৰ পৰিকল্পনা কৰিছে ১০ জনীয়া গোটটোৱে।

মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনে গোটটো এই কাৰ্যক প্ৰশংসা কৰিছে। আগন্তুক দিন বিলাকত চৰকাৰে যদি সহায় কৰে তেন্তে দহ জনীয়া গোটটোৱে সফলতাৰে এই কাৰ্যত আগবাঢ়ি যাব পাৰিব বুলি আশা ব্যক্ত কৰিছে সদস্য সকলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply