মৰাণঃ হস্ততাঁ‌তশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিয়াই ৰাজ্যত পৰিচিত হৈ পৰা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ অসম চৰকাৰে অহা ২৪ জানুৱাৰীত প্ৰদান কৰিব অসম গৌৰৱ বঁ‌টা।

সেয়েহে উক্ত অনুষ্ঠানৰ অসম চৰকাৰৰ নিমন্ত্ৰণী প্ৰত্ৰ লৈ ডিব্ৰুগড় জিলাৰ উপয়ুক্ত বিশ্বজিৎ পেগুৰ সৈতে মৰাণ ৰাজহ চক্ৰৰ চক্ৰবিষয়া ড৹ সংগীতা শৰ্মা উপস্থিত হয় হেমপ্ৰভা চুতীয়াৰ বাসগৃহত। উল্লেখ্য যে, হেমপ্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা।

তেওঁ প্ৰথমে মুগা সূতা আৰু গুণা সূতাৰে তাঁ‌তশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ ‘গুণমালা’ বৈ চমক সৃষ্টি কৰিছিল। ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘নামঘোষা’, ১৫০ ফুট দৈৰ্ঘ্যৰ ‘শ্ৰীমদ্ভাগৱত গীতা’ সংস্কৃতত আৰু শেষতীয়াকৈ ২৮০ ফুট দৈৰ্ঘ্যৰ ‘শ্ৰীমদ্ভাৱত গীতা’ ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল।

লগতে পঢ়কঃৰঙাগড়াঘাটত বিধ্বংসী অগ্নিকাণ্ড,ভস্মীভূত পাঁচখনকৈ দোকান

হেমপ্ৰভা চুতীয়াৰ এই কৰ্মৰাজীৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে । হেমপ্ৰভা চুতীয়াই তেওঁৰ সৃষ্টিৰাজি সমূহ সংৰক্ষণৰ বাবে সংগ্ৰাহলয়ৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। নহ’লে অসম গৌৰৱ বটাঁ মূল্যহীন হৈ পৰিব বুলিও সাংবাদিকৰ আগত তেওঁ মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply