মৰাণঃ হস্ততাঁ‌তশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিয়াই ৰাজ্যত পৰিচিত হৈ পৰা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ অসম চৰকাৰে ২৪ জানুৱাৰীত প্ৰদান কৰা অসম গৌৰৱ বঁ‌টা গ্ৰহণ কৰি আজি নিজ গৃহত উপস্থিত হয় ।

নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে উৎসৱ মুখৰ হৈ পৰে হেমপ্ৰভা চুতীয়াৰ বাসগৃহত। স্বগৃহত উপস্থিত হৈ আবেগিক হৈ পৰে অসম গৌৰৱ বটাঁ প্ৰাপক কাজী শিপিনী হেমপ্ৰভা চুতীয়া।

ফটিকাছোৱা গাওঁবাসীৰ লগতে মৰাণবাসী, দল সংগঠনে গায়ন-বায়নেৰে আদৰণি জনাই ফুলাম গামোচা জাপিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, হেমপ্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা।

লগতে পঢ়কঃআয়তীৰ উৰুলিৰ মাজেৰে জীয়া ভৰলী নদীৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তেওঁ প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁ‌তশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ্য আৰু ১৭ ইঞ্চি প্ৰস্থৰ ‘গুণমালা’ বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিছতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘নামঘোষা’, ১৫০ ফুট দৈৰ্ঘ্যৰ ‘শ্ৰীমদ্ভাগৱত গীতা’ সংস্কৃতত আৰু শেষতীয়াকৈ ২৮০ ফুট দৈৰ্ঘ্যৰ ‘শ্ৰীমদ্ভাৱত গীতা’ ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল । হেমপ্ৰভা চুতীয়াৰ এই কৰ্মৰাজীৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply