মৰাণঃ ৰাজ্য চৰকাৰৰ পি এন আৰ ডি বিভাগৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া ভূমিহীন আৰু গৃহহীন লোকসকলৰ বাবে নিৰ্মাণ হবলগীয়া প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ লগতে মিনি কলনীৰ কাম মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই গাওঁ পঞ্চায়তৰ অধীনৰ খুমটাই চাহবাগিচাত শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে।

প্ৰায় দহ বিঘা চৰকাৰী মাটিত মন্ত্ৰী যোগেন মহনে নিজে হাতত কোৰ মাৰি ফিটা টানি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে একলগ হৈ অত্যাধুনিক ভাবে নিৰ্মাণ হ’বলগীয়া মিনি কলনীৰ কাম আৰম্ভ কৰে।

লগতে পঢ়কঃকামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ১১৪ গৰাকী অৱসৰী গাঁও প্ৰধানক সম্বদ্ধৰ্না

প্ৰথমাৱস্থাত প্ৰায় ৪০ টা পৰিয়ালৰ বাবে নিৰ্মাণ হ’ব একেলগে ৪০ টাকৈ বাসগৃহ। লগতে যি সকল লোকে চৰকাৰী মাটি সমূহ অধিগ্ৰহণ কৰি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিল তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে অন্য ঠাইত ম্যাদি মাটি দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়ে। পৰbৰ্ত্তী সময়ত সুন্দৰ ভাৱে ভূমিহীন লোকৰ বাবে আৰু গৃহ নিৰ্মাণ কৰিব বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply