মৰাণ, স্বপনীল দেউৰীঃ বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী ৰাজ্য চৰকাৰে দিল্লীত অনুষ্ঠিত কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অনুষ্ঠিত হৈছে লাচিত দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী।
সমান্তৰালকৈ মাহমৰা ৰাজহ চক্ৰ আৰু দিচাংপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো যৌথভাৱে লাচিত দিৱসৰ উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বিভিন্ন অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে।
বন্তিপ্ৰজ্জলনৰ পিছতে দিচাংপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ শুভ উদ্বোধনৰে লাচিত দিৱসৰ উপলক্ষ্যে বাহিৰ কৰা হয় বাইক ৰেলী । য’ত অংশ লয় মাহমৰা সমষ্টিৰ গ্ৰাম্য জীৱিকা সখী, পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ আৰু দিচাংপানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মীসকলৰ লগতে ৰাইজ।