মৰাণঃ মে ডাম মে ফীৰ পবিত্ৰ দিনটোত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক মন্তব্য “নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিম বুলি কৈ বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যাৰবাবে এতিয়া ৰাজ্যত নিবনুৱা সংখ্যা বৃদ্ধি পাইছে।”
আনহাতে,১১৩৬ গৰাকী পট্টাদাৰৰ ভূমি অধিগ্ৰহণ কৰি গুৱাহাটীত হ’বলগীয়া মাৰ্কেটিং টাৰ্মিনেলৰ সন্দৰ্ভত কৃষকৰ ভূমি লৈ উদ্যোগ স্থাপন কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় এই ক্ষেত্ৰত প্ৰতিবাদ হ’ব বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।
লগতে পঢ়কঃবহিঃৰাজ্যৰ পৰিৱৰ্তে অসমতে লাভ কৰিব এল ই ডি লাইট বনোৱাৰ সকলো সামগ্ৰী
মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত নিজ খালৈঘোগুৰাত প্ৰথমবাৰলৈ অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ উদ্যোগত অনুষ্ঠিত কৰা কেন্দ্ৰীয় মে ডাম মে ফি অনুষ্ঠানত অংশগ্ৰহণ কৰে অজাপ ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
পবিত্ৰ মে ডাম মে ফিৰ দিনা অসম চৰকাৰে আজিলৈকে আহোম ৰাজত্ব কালৰ বহু ৰজাৰ মৈদাম সমূহ আজিলৈকে সংৰক্ষণ নকৰাত বিৰূপ মন্তব্য কৰে গগৈয়ে।