মৰাণঃ মাঘবিহু তথা মাঘীমেলাৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা আৰু মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থায়ো অহা ১৪ আৰু ১৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মনোৰঞ্জন চুতীয়া আৰু তপন চুতীয়া সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব ভোগালী বিহুৰ মাঘীমেলা।
মৰাণৰ সংবাদ কৰ্মীসকলক উৎসাহ যোগোৱাৰ অৰ্থে প্ৰদান কৰি অহা বঁটা এইবাৰ মৰাণৰ যুৱ সাংবাদিক ৰিখেশ্বৰ বৰুৱাক প্ৰদান কৰিব লগতে ফণীধৰ চুতীয়া সোঁৱৰণী সামাজিক দায়বদ্ধতা বঁটা চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞা লৈ, ধৰণী হাজৰিকা সোৱৰণি সাংস্কৃতিক বঁটা চন্দ্ৰ চুতীয়াক প্ৰদান কৰিব বুলি ঘোষণা কৰে।
লগতে পঢ়কঃপ্রাক্তন সঞ্চালক, খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক দুৰ্গা প্ৰসাদ বৰাৰ মৃত্যুত শোকৰ ছাঁ
উল্লেখ্য যে, ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা আৰু মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা উদ্যোগত মাজবিল-কল্যাণপুৰ গাঁৱবাসীৰ আতিথ্যত তথা মৰাণবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া ভোগৰ উৎসৱ ভোগালী বিহুৰ মাঘীমেলাত প্ৰদান কৰিব এই বঁটা। আজি মাঘীমেলাখনিৰ লাইখুটা স্থাপন কৰি চুতীয়া ছাত্ৰসন্থাৰ বিষয়ববীয়া আৰু উদ্যোক্তা সকলে এখনি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে কাৰ্যসূচীৰ বিবৰণ।