গুৱাহাটীঃ আৰক্ষী বিষয়াৰ পত্নীক অশ্লীল ইংগিত দিয়াৰ অভিযোগত মৰাণত ১০জন যুৱকক মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি, মৰাণৰ পেচিফিকা ইন ধাবাত যোৱা ৭অক্টোবৰত আৰক্ষী বিষয়াৰ পত্নীক অশ্লীল ইংগিত দিয়াৰ অভিযোগত খঙত অগ্নিশৰ্মা হৈ নিশাই মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে যুৱকৰ দলটোক আটক কৰি থানাৰ ভিতৰতে যুৱক কেইজনক উলংগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে উপ পৰিদৰ্শক ভৱেন দত্তসহ দুই যুৱক ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকাই(পিতি)ও ওৰে নিশা আটাইকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে যুৱকৰ দলটোয়ে ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ঘটনাৰ পিছতে সোমবাৰে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল’জ কৰা বুলি জানিব পৰা যায় ৷ ইফালে যুৱকৰ দলটোৱে এই খবৰ পোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ৷ যুৱকৰ দলটোৱে সোমবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে আৰক্ষী উপ পৰিদৰ্শক দত্ত আৰু দুই যুৱকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক ততালিকে নিলম্বন কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে আৰক্ষীৰ শীৰ্ষ মহলক দাবী উত্থাপন কৰে ৷

আনহাতে, থানাৰ ভিতৰত বাহিৰৰ পৰা গৈ দুদুল লেখাৰু আৰু মানৱ হাজৰিকাই কৰা নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি উল্লেখ কৰি যুৱককেইজনে প্ৰশ্ন উত্থাপন কৰি কয় যে, থানাৰ ভিতৰত বাহিৰৰ লোক প্ৰৱেশ কৰি এনেদৰে মাৰপিট কৰাটো কিমান যুক্তিপূৰ্ণ ? অৱশ্যে উপযুক্ত তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত সত্যতা ৷ এনে ক্ষেত্ৰত আৰক্ষীৰ তদন্ত কেনে দিশে আগবাঢ়ে সেইয়া হ’ব লক্ষ্যনীয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply