মৰাণঃ এগৰাকী অসহায় বৃদ্ধা। কেতিয়াবা যদি দোকানৰ বাৰাণ্ডাত, কেতিয়াবা আকৌ পদপথত নিশা পাৰ কৰিব লাগে বৃদ্ধাগৰাকীয়ে।
নিজৰ স্থায়ী আশ্ৰয়স্থল, পৰিয়াল কোনো নাই বৃদ্ধাগৰাকীৰ। চৰাইদেউ জিলাৰ ১০৫নং মাহমৰা সমষ্টিৰ মৰাণহাট আৰক্ষী থানা অন্তৰ্গত মৰাণহাটৰ ৬ নং ৱাৰ্ডৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা বৃদ্ধাগৰাকীৰ নাম প্ৰতিমা বেগম, বয়স ৬৭ বছৰ।
ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে বৃদ্ধাগৰাকীৰ হেৰাই যোৱা হাঁহিটো পুনৰ বিৰিঙাই তোলা প্ৰয়াস একাংশ সচেতন ৰাইজৰ ।
লগতে পঢ়কঃলামডিঙত ক’ভিডত আক্ৰান্ত ২৩ জনকৈ লোক
মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই অহা সন্থা ‘ৱাৰিৱৰছ’;আৰু কেইগৰাকীমান সচেতন ব্যক্তিৰ উদ্যোগত চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা এই অসহায় মহিলাগৰাকীক উদ্ধাৰ কৰি চৰাইদেউ জিলাৰ মথুৰাপুৰত অৱস্থিত বয়োজ্যেষ্ঠ আশ্ৰমত ভৰ্তি কৰায়।
মহিলগৰাকীৰ বৰ্তমান ঠিকনা হৈছে মথুৰাপুৰস্থিত বয়োজ্যেষ্ঠ আশ্ৰম। এতিয়াৰে পৰা মহিলাগৰাকীৰ দায়িত্ব লব ‘বয়োজ্যেষ্ঠ আশ্ৰম’ কৰ্তৃপক্ষই ।
ইফালে, মহিলাগৰাকীক উদ্ধাৰ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে সচেতন ৰাইজে।