মৰাণঃ মৰাণত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত পদ্মনাথ গোহাঁঞি বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান আৰু হেমচন্দ্ৰ গোস্বামীৰ জন্ম দিৱস শনিবাৰে মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত মৰাণ মহিলা মহাবিদ্যালয়ৰ সহযোগত মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম গৌৰৱ বটাঁপ্ৰাপক হেমপ্ৰভা চুতীয়াক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, লোকসংস্কৃতিৰ সাধক ড৹ অনিল শইকীয়াক সম্বৰ্দ্ধনা জ্ঞাপন কৰে মৰাণ শাখা সাহিত্য সভাই।

এই সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক,মৰাণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা আপকুৰ উপদেষ্টা শোভিত কুমাৰ ছেত্ৰী।

লগতে পঢ়কঃৰান্ধনীৰ ৰূপত পথাৰৰ মাজত মন্ত্ৰী বিমল বৰা

এই অনুষ্ঠানতে অসম গৌৰৱ বটাঁ প্ৰাপক শিপিনী হেমপ্ৰভা চুতীয়াই তেখেতৰ সৃষ্টি ৰাজী তথা তাঁতশালত বৈ উলিওৱা শ্ৰীমদ্ভাগৱত গীতা( ইংৰাজী, সংস্কৃত), গুণমালা, নামঘোষা সমূহ সংগ্ৰহৰ বাবে মৰাণতে এটি সংগ্ৰহালয় ব্যৱস্থা কৰি দিবৰ বাবে অসম চৰকাৰক আহ্বান কৰে।

নহ’লে অসম চৰকাৰে সন্মানৰ হেতুকে তেখেতলৈ আগবঢ়োৱা অসম গৌৰৱ বঁটা মূল্যহীন হৈ পৰিব বুলিও তেখেতে উল্লেখ কৰে।

আনহাতে, এই সভাতেই হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজীক সংৰক্ষণৰ প্ৰচেষ্টা মৰাণ শাখা সাহিত্য সভাই হাতত ল’ব বুলি জানিব দিয়ে।

এই অনুষ্ঠানত মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা জয়শ্ৰী ফুকনকে আদিকৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply