মৰাণঃ মৰাণৰ ফটিকাছোৱা নেপালী গাঁৱত বিগত প্ৰায় ১৯৬৫ চনৰ পৰা গৰখীয়া থানত অগণন ভক্তৰ সমাগমেৰে আয়োজন কৰি আহিছে সামূহিক গৰখীয়া ভোজ।
গাঁৱখনৰ ৰাইজৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমেৰে বছৰটোৰ শেষৰটো দেওবাৰত ফটিকাছোৱা নেপালী গাওঁৰ গৰখীয়া থানত দেখা গ’ল উখল-মাখল পৰিবেশ।
লগতে পঢ়কঃনগাঁৱৰ জুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
এই সবাহৰ আছে বিশেষ তাৎপৰ্য্য। লোকবিশ্বাস অনুসৰি এই থানত চাকি বন্তি জ্বলাই সেৱা কৰিলে মনোবাঞ্চা পূৰণ হয়। সেয়েহে প্ৰত্যেক বৰ্ষত এইদৰে অসংখ্য ভক্তৰ সমাগম হয় এই থানত। এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক লোকে এই অনুষ্ঠানত অংশ লয়।