মৰাণঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত অসম ৰক্তাক্ত হ’ব বুলি যি মন্তব্য কৰিলে তাক লৈ জাঙোৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা।

সোমবাৰে মৰাণত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁ‌ৱৰে কয় যে জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰলৈ পঠালে অসম ৰক্তাক্ত হ’ব বুলি কৈ মুখ্যমন্ত্ৰীয়ে ককাই-ভাই মাজত ভাগ ভাগ কৰিব বিচাৰিছে । বিশেষকৈ অসমৰ টাইবেল সংঘৰ লগত বিভেদ সৃষ্টি কৰিব বিচাৰিছে।

লগতে পঢ়কঃঅসম সাহিত্য সভাৰ কাৰ্যালয়ত তলা লগালে সাহিত্য সভা কৰ্মচাৰীয়ে

কেন্দ্ৰীয় সমিতিৰ নেতাজনে স্পষ্টভাৱে সংবাদমেলত উল্লেখ কৰে যে “আমি টাইবেল সংঘৰ পৰা জনজাতিকৰণ বিচৰা নাই । ভাৰত চৰকাৰৰ পৰা বিচাৰিছো । ৰাজনৈতিক ভাৱে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আহোম সকলে জনজাতিকৰণ বিচাৰিছে । টাই আহোম সকলক লৈ ৰাজনৈতিক খেলা নকৰিবলৈ নেতাজনে সকিয়াই দিয়ে মুখ্যমন্ত্ৰী গৰাকীক। এই ক্ষেত্ৰত আহোমসকলে ঐক্যবদ্ধ আন্দোলন কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।

সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নেতাগৰাকীৰ লগতে ডিব্ৰুগড় জিলা সভাপতি নিপন ফুকন আৰু মৰাণ মহকুমা সমিতিৰ সভাপতি পলাশজ্যোতি বৰগোঁ‌হাই উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply