মৰাণঃ ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে অসম ৰক্তাক্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে পহিলা জানুৱাৰীৰ দিনা মন্তব্য কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীয় সংগঠন সমূহ।

বুধবাৰে মৰাণত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।

লগতে পঢ়কঃমহানগৰীৰ জি এছ ৰ’ডৰ ব্যৱয়াসীক প্ৰতিষ্ঠানত মৃতদেহ উদ্ধাৰ

মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যদা আৰু ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত লোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৱে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।

হাতে হাতে শ্ল’গান লিখা প্লেকাৰ্ড লৈ সংগঠনটোৰ কৰ্মকৰ্তা সকলে মুখ্যমন্ত্ৰীৰ মন্তব্যক ধিক্কাৰ জনোৱাৰ লগতে মৰাণ জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা দিবলৈ চৰকাৰক দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply