মৰাণঃ মৰাণৰ সমীপৰ বামুণবাৰী তিনিআলিত অৱস্থিত বৃটিছ বিৰোধী সংগ্ৰামৰ শ্বহীদ বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি নিশা কোনো দুষ্কৃতিকাৰীয়ে ভাঙি দিয়াত আজি প্ৰতিবাদমুখৰ হৈ পৰে চাহ জনগোষ্ঠীৰ লোক সকল।

আদিবাসী চাহ জনগোষ্ঠী গণ মুক্তি পৰিষদ, আছা, আটছা আদিকে ধৰি চাহ জনজাতিৰ কেইবাটাও দলসংগঠৰ লগতে স্থানীয় ৰাইজ একত্ৰিত হৈ বজাৰ বন্ধ কৰি বামুনবাৰী তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে পঢ়কঃমাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ৰাজ্যিক আলোচনা চক্ৰ অনুষ্ঠিত

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আৰক্ষী প্ৰশাসনক অতি সোমকালে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ লগতে বামুনবাৰী তিনিআলিত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ আহ্বান জনাইছে সংগঠন কেইটাই।

বামুনবাৰী আৰক্ষী চকীৰ পৰা মাত্ৰ কেইশমিটাৰ দূৰত্বত অৱস্থিত বীৰ বীৰছা মুণ্ডা প্ৰতিমূৰ্তিকে আদিকৰি সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু শ্বহীদবেদী থকা বামুনবাৰী তিনিআলিত আৰক্ষী পহৰা শোচনীয় হোৱাৰ লগতে যি কেইটা ষ্ট্ৰীট লাইট আছে সেইয়াও নজ্বলি আন্ধাৰ হৈ থকাত অনাগত দিনত পুনৰ এনে দুষ্কাৰ্য কৰি শাস্তি শৃংখলাত ব্যাঘাত জন্মোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply