মৰাণঃ খোৱাং-আজাগুৰিৰ এটি পথে জ্বলাকলা খুৱাইছে ৰাইজক। মৰাণ সমষ্টিৰ খোৱাং আজাগুৰিৰ ডিমৌ নদীৰ ওপৰত থকা পকী দলংখনৰ পথৰ দুয়োটা মূৰত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে।
মৰাণ গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনৰ পথটো খোৱাং চাৰিআলিৰ পৰা চেনিমাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰলৈকে পকীকৰণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত যদিও মেৰামতিৰ পিছতে আজাগুৰি দলংখনৰ দুয়োটা মূৰৰ ব্লেক টেপিং এৰি দ’ গাঁতৰ সৃষ্টি হয়।
লগতে পঢ়কঃঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ২০ জানুৱাৰীত
বিভাগে মাজে সময়ে শিল আদি দি গাঁত সমূহ পুতিবলৈ চেষ্টা কৰে যদিও কিছুদিনৰ পৰা মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অতি জৰাজীৰ্ণ হৈ পৰিছে।
অতি ব্যস্ততাপূৰ্ণ পথটোৰ এই প্ৰকাণ্ড গাঁতকেইটাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। সেয়ে স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগক পথটোৰ জৰাজীৰ্ণ অংশ শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে।