মৰাণঃ যোৱা ১২ মাৰ্চত মৰাণত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ তথা টিংখং বিধান সভা সমষ্টিৰ তিনঠেঙীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত হালমাৰী চাহবাগিচাৰ জীয়াৰী চাবিনা মিঞ্জৰ আদ্যশ্ৰাদ্ধ ও এখনি স্মৰণিকা উন্মোচন অনুষ্ঠান অনুষ্ঠিত। এই অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী বিমল বড়া, মৰাণ ৰাজহ চক্ৰৰ চক্ৰবিষয়া সংগীতা শৰ্মাৰ লগতে কেইবাটাও সংগঠনৰ বিষয় ববীয়া উপস্থিত থকে।
লগতে পঢ়কঃবোকাখাতত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ
লগতে চাবিনা মিঞ্জৰ স্মৃতি জীয়াই ৰখাৰ হেতুকে মন্ত্ৰী বিমল বড়াৰ প্ৰচেষ্টাত চাবিনা মিঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰে। সমান্তৰালকৈ চাবিনাৰ পৰিয়ালক আৰ্থিকভাৱে কিছু সকাহ দিবৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা ৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰে।